প্নাৰ জনগোষ্ঠী
| মুঠ জনসংখ্যা | |||||||||
|---|---|---|---|---|---|---|---|---|---|
| ৩,৯৫,১২৪[1] (২০১১) | |||||||||
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||||||||
| |||||||||
| ভাষাসমূহ | |||||||||
|
প্নাৰ ভাষা | |||||||||
| ধৰ্ম | |||||||||
|
খ্ৰীষ্টান ধৰ্ম (কেথলিক আৰু প্ৰটেষ্টাণ্ট) ৬০% আৰু নিয়ামত্ৰে ৪০%[3] | |||||||||
| সম্পৰ্কীয় জাতি-জনগোষ্ঠী | |||||||||
প্নাৰ (Pnar) হ’ল ভাৰতৰ মেঘালয়ৰ খাচী লোকসকলৰ এক উপ-জনজাতীয় গোট। তেওঁলোকক জয়ন্তীয়া বুলিও জনা যায়।[4] প্নাৰ লোকসকলৰ সমাজ ব্যৱস্থা মাতৃপ্ৰধান। তেওঁলোকে প্নাৰ ভাষাত কথা কয়, যিটো অষ্ট্ৰো-এচিয়াটিক ভাষা পৰিয়ালৰ অন্তৰ্গত আৰু ই খাচী ভাষাৰ সৈতে যথেষ্ট সাদৃশ্যপূৰ্ণ। প্নাৰ লোকসকল মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ আৰু পূব জয়ন্তীয়া পাহাৰ জিলাৰ আদিবাসিনী। তেওঁলোকে নিজকে "কি খুন হ্যিন্নিউ ট্ৰেপ" (৭-জুপুৰীৰ সন্তান) বুলি কয়। তেওঁলোকৰ প্ৰধান উৎসৱসমূহ হ’ল বেহদেইনখলাম, চাদ চুক-কাৰা, চাদ পাষ্টিহ আৰু লাহো নৃত্য।
ব্যুৎপত্তি
[সম্পাদনা কৰক]"প্নাৰ" নামটো তেওঁলোকৰ এক অন্তৰ্নিহিত নাম, আনহাতে "জয়ন্তীয়া" আৰু "চিনটেং" হ’ল বাহ্যিক নাম।[4] "জয়ন্তীয়া" শব্দটো পূৰ্বৰ এখন ৰাজ্য 'জয়ন্তীয়া ৰাজ্য'ৰ নামৰ পৰা আহিছে, যাৰ শাসকসকল চিনটেং আছিল। এটা সূত্ৰৰ মতে "জয়ন্তীয়া" শব্দটো হিন্দু দেৱী দুৰ্গাৰ এক অৱতাৰ জয়ন্তী দেৱী বা জয়ন্তেশ্বৰীৰ মন্দিৰৰ নামৰ পৰা উদ্ভৱ হৈছে। আন এটা সূত্ৰৰ মতে এই নামটো পূৰ্বৰ এক বসতিস্থল 'চুটং'ৰ পৰা চিনটেং শব্দৰ মাজেৰে আহিছে। জয়ন্তী দেৱীৰ আখ্যানটো সম্ভৱতঃ জয়ন্তীয়া ৰাজ্যৰ হিন্দুকৰণৰ পিছত সৃষ্টি কৰা হৈছিল।[4]
ইতিহাস
[সম্পাদনা কৰক]খাচী জনজাতিৰ সকলো উপ-জনজাতিৰ দৰেই প্নাৰসকলৰো নিজা কোনো লিখিত ইতিহাস নাই। অৱশ্যে অসমৰ বুৰঞ্জী আৰু ব্ৰিটিছ নথি-পত্ৰত তেওঁলোকৰ উল্লেখ পোৱা যায়।[5]
খাচী জনজাতিৰ অন্যান্য উপ-জনজাতিৰ দৰেই প্নাৰ লোকসকলেও নিজকে কি হ্যিন্নিউ ট্ৰেপ [সাতটা 'জুপুৰী' (ïing 'Trep'-ৰ পৰা উদ্ভৱ হোৱা) বা সাতটা পৰিয়াল]-ৰ বংশধৰ বুলি দাবী কৰে। মধ্যযুগীয় জয়ন্তীয়া ৰাজ্যৰ শাসকসকল চিনটেং সম্প্ৰদায়ৰ আছিল।[4] ১৮৩৫ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই ৰাজ্যখন অধিকাৰ কৰি অসম প্ৰদেশৰ সৈতে চামিল কৰিছিল। ১৯৭২ চনত স্বাধীন ভাৰতত মেঘালয় ৰাজ্য গঠন হোৱাৰ পিছত এই অঞ্চলত জয়ন্তীয়া পাহাৰ জিলা প্ৰতিষ্ঠা কৰা হয়। বাংলাদেশৰ চিলেট বিভাগৰ জয়ন্তীয়াপুৰ উপজিলাতো প্নাৰ লোকসকল বাস কৰে।
ধৰ্ম
[সম্পাদনা কৰক]প্নাৰসকলৰ মূল জনজাতীয় ধৰ্মক নিয়ামত্ৰে বুলি জনা যায়।[6] প্নাৰ জনজাতীয় লোকসকলে বিশ্বাস কৰে যে তেওঁলোকৰ ধৰ্ম ঈশ্বৰদত্ত (মানুহৰ দ্বাৰা প্ৰতিষ্ঠিত নহয়) আৰু ঈশ্বৰৰ আদেশতহে এই পৃথিৱীলৈ আহিছে। ঈশ্বৰে নিৰ্দেশ দিয়া তিনিটা মূল নীতি হ’ল— কামাই ই হ’ক, টিপব্ৰু টিপব্লাই আৰু টিপকুৰ টিপখা। এইবোৰে সঠিক জীৱন ধাৰণ আৰু শুদ্ধ জীৱিকাৰ ওপৰত ভিত্তি কৰি কৰা অনুশীলন; ঈশ্বৰৰ ওচৰ চাপিবলৈ মানুহৰ প্ৰতি থকা কৰ্তব্য পালন; আৰু পিতৃ-মাতৃ উভয়ৰে বংশৰ সদস্যসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো বুজায়। গতিকে, নিয়ামত্ৰেই ঈশ্বৰ উপলব্ধিৰ বাবে সহযোগী মানুহক সমানে গুৰুত্ব দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ধৰ্মীয় দিশৰ পৰা ৪ লাখ জয়ন্তীয়া লোকৰ ভিতৰত প্ৰায় ২.৪ লাখ (জনগোষ্ঠীয় জনসংখ্যাৰ ৬০%) লোকে বিভিন্ন খ্ৰীষ্টীয় সম্প্ৰদায়ৰ (বিশেষকৈ কেথলিক আৰু প্ৰটেষ্টাণ্ট) ধৰ্ম অনুসৰণ কৰে আৰু বাকী ১.৬ লাখ (জনগোষ্ঠীয় জনসংখ্যাৰ ৪০%) লোকে তেওঁলোকৰ মূল জনজাতীয় ধৰ্ম "কা নিয়ামত্ৰে" পালন কৰে।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "District Census Meghalaya - Jaintia Hills". Office of the Registrar General & Census Commissioner, Indiacensusindia.gov.in. 2011. https://censusindia.gov.in/2011census/dchb/DCHB_A/17/1707_PART_A_DCHB_JAINTIA%20HILLS.pdf.
- ↑ "District Census Meghalaya - Jaintia Hills". Office of the Registrar General & Census Commissioner, Indiacensusindia.gov.in. 2011. https://censusindia.gov.in/2011census/dchb/DCHB_A/17/1707_PART_A_DCHB_JAINTIA%20HILLS.pdf.
- ↑ Laloo Betty (20 July 2016). "Reconstructing the early Jaintia state through oral traditions". University. https://shodhganga.inflibnet.ac.in/handle/10603/217208.
- 1 2 3 4 Soumen Sen (2004). Khasi-Jaintia folklore: context, discourse, and history. NFSC. পৃষ্ঠা. 56. ISBN 978-81-901481-3-9. https://books.google.com/books?id=r6p0GXek13cC&pg=PA56। আহৰণ কৰা হৈছে: 2 December 2011.
- ↑ Hamlet Bareh (2001). Encyclopaedia of North-East India: Meghalaya. Mittal Publications. পৃষ্ঠা. 307. ISBN 978-81-7099-791-7.
- ↑ Kumar Suresh Singh; Anthropological Survey of India (1994). People of India: Meghalaya. Anthropological Survey of India. পৃষ্ঠা. 12. ISBN 978-81-7046-123-4.
- ↑ blog.cpsindia.org/2016/10/religion-data-of-census-2011-xxx-st.html